নিউজ ডেস্ক, ১৭ মাৰ্চঃ মহানগৰীত পুনৰ ভয়ংকৰ শিশু অপহৰণৰ ঘটনা। খেলি থকা অৱস্থাতে গোটানগৰৰ পৰা অপহৃত হ’ল দুটিকৈ কণমানি শিশু। অপহৃত হ’ল তেতেলীয়াৰ মদন ৰায় নামৰ লোকজনৰ বিবেক কুমাৰ আৰু অজিত কুমাৰ নামৰ দুটিকৈ পুত্ৰ। এখন বগা ৱেগনাৰত আহিছিল অপহৰণকাৰীৰ দলটো। বিহাৰৰ দুৰ্বৃত্তই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে গোশালা আৰক্ষীয়ে।