নিউজ ডেস্ক, ১৭ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। আজি হাজোৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এই অভিযানত এইবাৰ হাত দাঙিলে এজন লাট মণ্ডলে। হাজোত ৪ হাজাৰ টকা লৈ গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল টংকেশ্বৰ নাথ৷
দীৰ্ঘদিন ধৰি হাজো চক্ৰ বিষয়া কাৰ্যালয়ত ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে টংকেশ্বৰ নাথৰ বিৰুদ্ধে। টংকেশ্বৰ নাথৰ ঘৰ বঙাইগাঁৱত বুলি জানিব পৰা গৈছে।