Daily Time Axom

প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পন

0 28

নিউজ ডেস্ক, ১৭ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ। লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰিলে কুমুদ ৰাজখোৱাই। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল কুমুদ। ডফলাকটা হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক কুমুদ ৰাজখোৱা। এইজন কুমুদ ৰাজখোৱাই WhatsAppত প্ৰচাৰ কৰিছিল মেট্ৰিকৰ প্ৰশ্নকাকত ।

আজি ডিজিপি জি পি সিঙে সংবাদমেলত কুমুদ ৰাজখোৱাক আত্মসমৰ্পণ কৰিবলৈ কৈছিল। অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি দিছিল ডিজিপিয়ে। সংবাদমেলৰ কেইটামান ঘণ্টাৰ পিছতেই আত্মসমৰ্পণ কৰিলে কুমুদে।

Leave A Reply

Your email address will not be published.