মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত প্ৰণৱ দত্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৭ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। লখিমপুৰত CIDএ এই সমগ্ৰ কাণ্ডৰ মূল মাষ্টৰমাইণ্ড প্ৰণৱ দত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰণৱ দত্তই শিক্ষক কুমুদ ৰাজখোৱাৰ সৈতে মিলি প্ৰশ্নকাকতৰ বেপাৰ চলাইছিল। দুয়োৱে ধনৰ বিনিময়ত ছাত্ৰ–ছাত্ৰীৰ মাজত প্ৰশ্নকাকত বিলাইছিল। বৰ্তমান কুমুদ ৰাজখোৱা পলাতক অৱস্থাত আছে।

প্ৰণৱ দত্ত লখিমপুৰৰ লুইত খাবলু হাইস্কুলৰ চেণ্টাৰ ইনচাৰ্জ। আনহাতে কুমুদ ৰাজখোৱা ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক।

ArrestAssamAssamese NewsCIDDaily time axomIndiaLakhimpur
Comments (0)
Add Comment