নিউজ ডেস্ক, ১৮ মাৰ্চঃ ২৬ মাৰ্চত ৩ দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব মুখ্য নিৰ্বাচন আয়ুক্ত৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে আহিব মুখ্য নিৰ্বাচন আয়ুক্ত৷ অসমলৈ আহিব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ৷ নিৰ্বাচন আয়ুক্ত অনুপ পাণ্ডে আৰু অৰুণ গোৱেলো আহিব অসমলৈ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ৰাজনৈতিক দলৰ সৈতে কৰিব আলোচনা৷ ২৭ মাৰ্চত ৰাজনৈতিক দল-আঞ্চলিক দলৰে হ’ব আলোচনা৷
ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে ২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল আৰু আঞ্চলিক দলৰ সৈতে কৰিব আলোচনা নিৰ্বাচন আয়োগে ৷ এই আলোচনা হ’ব হোটেল ৰেডিছন ব্লু’ত ৷
লগতে সমষ্টি পুনঃ নিৰ্ধাৰণৰ বিষয়ত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মূৰব্বীসকলৰ সৈতে বৈঠকত বহিব দেশৰ নিৰ্বাচন আয়োগে ৷