Daily Time Axom

ভাইৰেল হোৱা নাই ভূগোলৰ প্ৰশ্নকাকতঃ টুইটযোগে জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

0 31

নিউজ ডেস্ক, ১৮ মাৰ্চঃ ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই।

কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা কোনো দুষ্ট চক্ৰৰ। এডিট কৰি WHatsAppত ভাইৰেল কৰিছিল পুৰণি প্ৰশ্নকাকত।

এই ঘটনাৰ পিছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, ‘‘ছেবাই স্পষ্টীকৰণ নিদিয়ালৈ ছচিয়েল মিডিয়াৰ এনেধৰণৰ ভুৱা খবৰত বিভ্ৰান্ত নহ’বলৈ ছাত্ৰ–ছাত্ৰীসকলক আহ্বান জনাইছো। ইতিমধ্যে স্পষ্ট হৈছে এইখন এইবাৰৰ প্ৰশ্নকাকত নহয়, পুৰণি প্ৰশ্নকাকত। ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব।’’

Leave A Reply

Your email address will not be published.