Daily Time Axom

ইকুৱেডৰত প্ৰবল ভূমিকম্প, কমেও ১৪ জন লোক মৃত্যু! প্ৰায় ৪০০ জন আহত

0 27

ইকুৱেডৰত প্ৰবল ভূমিকম্পত কমেও ১৪ জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। তদুপৰি এই ভূমিকম্পৰ ফলত কমেও ৩৮০ জন লোক আহত হয়।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই টুইটযোগে প্ৰকাশ কৰিছে যে শনিবাৰে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১০:৪২ বজাত ইকুৱেডৰত এই ভূমিকম্প সংঘটিত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ গতি ৬.৮। ইকুৱেডৰৰ উপৰিও পেৰুৰ উত্তৰ অংশও কঁপি উঠিল।

ভূমিকম্পটো সংঘটিত হৈছিল তেতিয়া ইকুৱেডৰত পুৱাৰ ভাগত। আকস্মিক জোকাৰণিৰ ফলত কেইবাটাও ঘৰ ভাঙি পৰে। বিদ্যালয়, মহাবিদ্যালয় আনকি চিকিৎসা কেন্দ্ৰতো ফাট মেলে। ইয়াৰ উপৰিও কেইবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত হয়। সংবাদ সংস্থা ৰয়টাৰৰ তথ্য অনুসৰি ইকুৱেডৰত হোৱা ভূমিকম্পত ৪৪টা ঘৰ ভাঙি গৈছে। আন ৯০টা ঘৰৰ ক্ষতিসাধন হয়। এই ভূমিকম্পত এতিয়ালৈকে উদ্ধাৰ হৈছে ১৪ জন লোকৰ মৃতদেহ। যুদ্ধকালীনভাবে আহতসকলক উদ্ধাৰৰ কাম চলি আছে।

ইকুৱেডৰৰ ৰাষ্ট্ৰপতি গুইলাৰমো লাছ’ই টুইটযোগে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। লগতে এই দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক চৰকাৰে যিমান পাৰি সহায় কৰিব বুলিও তেওঁ কয়।

আমেৰিকান জিঅ’লজিকেল চাৰ্ভেৰ তথ্য অনুসৰি ইকুৱেডৰৰ বালাও চহৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল মাটিৰ পৰা ৬৬.৪ কিলোমিটাৰ তলত। ভূমিকম্পৰ ফলত উপকূলীয় অঞ্চলসমূহ ক্ষতিগ্ৰস্ত হৈছে। কিন্তু ইয়াৰ ফলস্বৰূপে এতিয়ালৈকে ছুনামীৰ কোনো সম্ভাৱনা সৃষ্টি হোৱা নাই বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে

Leave A Reply

Your email address will not be published.