Daily Time Axom

গৌৰীপুৰৰ আলমগঞ্জত Dynamic academy বিদ্যালয়ত Dynamic Super-40ৰ সাক্ষাৎকাৰ পৰীক্ষা

0 56

আজমল ফাউণ্ডেচনৰ পাছত এইবাৰ গৌৰীপুৰৰ Dynamic Education and Research Foundation নামৰ স্বেচ্ছাসেৱী সংগঠনে আৰম্ভ কৰিলে Dynamic Supr 40ৰ প্ৰশংসনীয় পদক্ষেপ।
স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত আজি আলমগঞ্জৰ ডাইনামিক একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনত অনুষ্ঠিত কৰা হয় Super 40 লিখিত সাক্ষাৎকাৰ৷
নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্ত্তিকৰণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰিছে এনে প্ৰশংসনীয় পদক্ষেপ।
জিলাখনৰ কেবাটাও পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত super ৰ সাক্ষাৎকাত আজি বিভিন্ন বিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে হয়।
উল্লেখ্যযে,এই সাক্ষাৎকাত প্ৰথম স্থান দখল কৰা ছাত্র ছাত্ৰীক নগদ ধন হিচাবে দিয়া হব ৩হেজাৰ টকা,দ্বিতীয় স্থান লাভ কৰাজনক ২হেজাৰ তৃতীয় স্থান দখল কৰাজনে পাব ১ হেজাৰ টকা আৰু চতুৰ্থ বিভাগত চাৰিজন ছাত্ৰ ছাত্ৰীৰ লগতে ৪০ গৰাকীয়ে লাভ কৰিব ৫শ টকাকৈ।
আনহাতে উচ্চ স্থান প্ৰাপ্ত তিনি গৰাকী ছাত্ৰ ছাত্ৰীক মান পত্ৰ আৰু বিনা মাচুলত ভৰ্ত্তিৰ সুবিধা প্ৰদান কৰিব স্বেচ্ছাসেৱী সংগঠনটোৱে।
মুঠতে Dynamic Super-40 ৰ ছাত্ৰ ছাত্ৰী সকলক বিশেষ ভাবে গঢ় দিয়াৰ চেষ্টা চলাব বিদ্যালয় কৰ্তৃপক্ষই।

Leave A Reply

Your email address will not be published.