ভাৰতীয় মহিলা এলেহুৱা, স্বামীৰ উপাৰ্জনত দিন কটাব বিচাৰেঃসোণালী কুলকাৰ্ণীৰ মন্তব্যকলৈ বিতৰ্ক

ভাৰতৰ বহু মহিলা এলেহুৱা। বলীউডৰ অভিনেত্ৰী সোণালী কুলকাৰ্ণীৰ এই মন্তব্যক লৈ বিতৰ্কৰ ধুমুহা বলিছে। অৱশেষত সোণালীয়েও নিজৰ মন্তব্যৰ বাবে ক্ষমা খুজিলে। ইফালে উৰ্ফি জাভেদেও সোণালীক আক্ৰমণ কৰে।

সোণালীয়ে ঠিক কি কৈছিল ? সংবাদমেলত তেওঁ কয়, “ভাৰতত আমি প্ৰায়ে পাহৰি যাওঁ যে বহু মহিলা এলেহুৱা।” তেওঁলোকে এনে এজন প্ৰেমিক/স্বামী বিচাৰে যিয়ে ঘৰৰ মালিক, নিয়মীয়াকৈ বৃদ্ধি পোৱাকৈ আয় আছে। আৰু ইয়াৰ মাজতে ছোৱালীবোৰে নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ পাহৰি যায়।”

তেওঁৰ মন্তব্যৰ পিছতে বিতৰ্কৰ ধুমুহা সৃষ্টি হয়। শেষত সোণালীয়ে ক্ষমা খুজিলে। ছচিয়েল মিডিয়াত পোষ্ট কৰিলে এখন দীঘলীয়া চিঠি। তেওঁ কয়, এগৰাকী নাৰী হোৱাৰ বাবে তাইৰ আন মহিলাৰ আৱেগক আঘাত দিয়াৰ কোনো উদ্দেশ্য নাছিল। অৱশ্যে তেওঁ ক্ষমা বিচাৰে।

ইফালে উৰ্ফি জাভেদে সোণালীক আক্ৰমণ কৰে। তেওঁ টুইটাৰত লিখা দেখা যায়, ‘আপুনি অতি সংবেদনহীন মন্তব্য কৰিছে। আপুনি আধুনিক নাৰীক এলেহুৱা বুলি কয়, য’ত তেওঁলোকে একে সময়তে ঘৰ আৰু বাহিৰৰ কাম পৰিচালনা কৰে!’ উৰ্ফীৰ প্ৰশ্নৰ সৈতে, ছোৱালী এজনীয়ে যদি অধিক উপাৰ্জন কৰা স্বামী বিচাৰে তেন্তে কি সমস্যা? ইয়াৰ উপৰিও তেওঁৰ দাবী, এই দেশৰ বহু পুৰুষে ছোৱালীক শিশু উৎপাদনৰ যন্ত্ৰ হিচাপে লয়। উৰ্ফিৰ আহ্বান যে দেশৰ সকলো মহিলাই নিজৰ মনৰ কথা ক’ব পাৰিব লাগে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment