২৮ বছৰ বয়সত ৯টা সন্তানৰ মাতৃ ,যোৱা ১০ বছৰ প্ৰতি বছৰে গৰ্ভৱতী হৈ আহিছে তেওঁ

এগৰাকী মহিলাৰ কাহিনী জানি আচৰিত হৈ পৰিছে সকলো । কিয়নো ২৮ বছৰ বয়সত ৯ টা সন্তানৰ মাতৃ তেওঁ। তেওঁৰ নাম ক’ৰা ড্যুক।

২০০১ চনত ১৭ বছৰ বয়সত প্ৰথম সন্তান জন্ম দিয়ে। ইয়াৰ পিছত তাই দহ বছৰ প্ৰতি বছৰে গৰ্ভৱতী আহিছে।

২০১২ চনত এতিয়ালৈকে শেষ বা নৱম সন্তান জন্ম দিয়ে। ৯টা সন্তানৰ মাতৃ ৩৯ বছৰীয়া মহিলাগৰাকীয়ে এতিয়া নিজৰ সংগীৰ সৈতে নেভাদাৰ লাছ ভেগাছত থাকে। যোৱা ২৩ বছৰ ধৰি তেওঁ বাস কৰি আহিছে। ক’ৰাই কয় যে তেওঁ কেতিয়াও ৯টা সন্তানৰ মাতৃ হ’ব নিবিচাৰে। অৱশ্যে তাই অনুভৱ কৰে যে ৯টা সন্তানৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰাটো তাইৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ আৰু নিৰ্দেশনা।

তেওঁৰ প্ৰথম সন্তান এলিজাৰ বয়স ২১ বছৰ। ইয়াৰ পিছত শ্বীনা, জান, কায়ৰো, ছায়াহ, আভি, ৰোমানী আৰু তাজৰ বয়স ক্ৰমে ২০, ১৭, ১৫, ১৪, ১৩, ১২ আৰু ১০ বছৰ। মাতৃত্বৰ যাত্ৰাত এটি সন্তান হেৰুৱালে। ২০০৪ চনত তেওঁৰ কন্যা ইউনাৰ শিশু অৱস্থাতে ২০০৪ চনত মৃত্যু হয়।

জন্মৰ এসপ্তাহৰ পিছত হেৰাই যায় কন্যা সন্তানটি। ক’ৰা আৰু আন্দ্ৰেৰ প্ৰেম স্কুলৰ পৰাই আৰম্ভ হয়। সৰুতেই প্ৰথম সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিছিল। কাৰণ বাকী জীৱন একেলগে কটাবলৈ সিদ্ধান্ত লৈছিল। কিন্তু তাজৰ জন্মৰ পিছত ক’ৰা ডুকে আৰু সন্তান নিবিচাৰে। শেহতীয়াকৈ তেওঁৰ টিউবাল লাইগেচন কৰা হৈছিল।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment