বাংলাদেশত দেওবাৰে পুৱা মাদাৰীপুৰৰ শিৱচৰৰ কুতুবপুৰ অঞ্চলত ঢাকা অভিমুখী ইমাদ পৰিবহন বাছ এখন খাৱৈত পৰি মৃত্যু হয় ১৭ জন যাত্ৰীৰ। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি উদ্ধাৰকাৰীয়ে জনাইছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় চাৰি বজাত খুলনাৰ ফুলতলাৰ পৰা বাছখন ৰাওনা হয়। পিছত ৰাতিপুৱা ৫:০৫ বজাত ইমাদ পৰিবহন বাছখন খুলনাৰ সোনাডাঙাৰ পৰা যাত্ৰীসহ ঢাকা অভিমুখে ৰাওনা হয়।
পুৱা প্ৰায় ৭:৩০ বজাত পদ্মা দলঙৰ আগত এক্সপ্ৰেছৱেৰ কুতুবপুৰ অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই বাছখনৰ চালকে। বাছখন ৰেলিং ভাঙি খাৱৈত বাগৰি পৰে। ১৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এজন স্বেচ্ছাসেৱকে ক’লে, ‘পদ্মা দলং এক্সপ্ৰেছৱে’ত কম-বেছি পৰিমাণে দুৰ্ঘটনা সংঘটিত হয়। কিন্তু ঘাইপথৰ ৰেলিং ভাঙি এখন বাছ খাৱৈত পৰাৰ এনে ঘটনা কেতিয়াও হোৱা নাই। এক্সপ্ৰেছৱেত এইটোৱেই এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ দুৰ্ঘটনা।’
স্থানীয় ৰাইজে দুৰ্ঘটনাৰ খবৰ পাই সেই স্থানত উপস্থিত হয়। উদ্ধাৰৰ কাম আৰম্ভ কৰে। খবৰটো আৰক্ষীলৈও যায়। খাৱৈত পৰা বাছখনৰ পৰা আহতসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে। তাত ১৬টা মৃতদেহ উদ্ধাৰ হয়। পিছত আন এজন ব্যক্তিৰ চিকিৎসালয়ত মৃত্যু হয়। আন ৩০ জন লোক গুৰুতৰভাৱে আহত হয়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
শিৱচৰ ঘাইপথ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত এতিয়ালৈকে ১৬ জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোৰ কাৰণৰ তদন্ত অব্যাহত আছে। প্ৰথম অৱস্থাত অত্যাধিক গতিৰ বাবে চালকজনে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বুলি অনুমান কৰা হৈছে। প্ৰথম অৱস্থাত যান্ত্ৰিক বিকলতা, অত্যধিক গতি আৰু সন্মুখৰ সোঁফালৰ চকা ফাটি যোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছিল।