Daily Time Axom

মধ্য যোৰহাট প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত মুঠ ছয়টা কেন্দ্ৰত প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত

0 31


মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনস্থ মধ্য যোৰহাট প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি শিক্ষাখণ্ডৰ অধীনৰ প্ৰায় ১২০০ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰে মুঠ ছয়টা কেন্দ্ৰত এক প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হৈছে।উল্লেখযোগ্য যে ২০১৯ চনৰ পৰাই মধ্য যোৰহাট শিক্ষক সন্মিলনীয়ে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উৎকৰ্ষ সাধনৰ অৰ্থে এই পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।

বিশেষকৈ এই পৰীক্ষাত অ এম আৰ চিটৰ সংযোজনে ছাত্ৰ ছাত্ৰীসকলৰ অনাগত দিনত বিশেষ সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে।ইপিনে এই পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ক্ৰমান্বয়ে বিশগৰাকী ছাত্ৰ ছাত্ৰীক নিৰ্বাচন কৰি মানপত্ৰ,স্মাৰক ও নগদ ধন প্ৰদান কৰা হ’ব আৰু সৰ্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীগৰাকীক বৰ্ষ শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে নামাকৰণ কৰাৰ লগতে আগন্তক বৰ্ষটোৰ বাবে সম্পূৰ্ণ পঢ়াৰ খৰচ বহন কৰিব বুলি জানিব পৰা গৈছে।পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ অনান্য কেন্দ্ৰৰ সমান্তৰালকৈ এই কেন্দ্ৰটো বহুসংখ্যক শিক্ষকৰ লগতে যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক অনুপম গগৈ,নিৰ্মালী দত্তকে প্ৰমুখ্য কৰি ভালেসংখ্যক অভিভাৱক উপস্থিত থাকি সহযোগিতা কৰা তথা উৎসাহিত কৰা পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.