Daily Time Axom

২০ আৰু ২১ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰে কেন্দ্ৰীয় ভাবে উদযাপন কৰিব সতী সাধনী দিৱস

0 46

চুতীয়া জাতিৰ মহীয়সী বীৰাংগণা সতী সাধনীৰ আত্মবলিদানৰ দিনটো সাধনী দিৱস হিচাপে চুতীয়া জাতিয়ে পালন কৰি আহিছে । এইবাৰ সৰুপথাৰৰ ছেৱাগুৰিত অহা ৬ আৰু ৭ বহাগ,ইং ২০ আৰু ২১ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰে কেন্দ্ৰীয় ভাবে উদযাপন কৰিব । সতী সাধনীৰ আত্ম বলিদানৰ ৫০০ বছৰীয়া সম্পূৰ্ণ হোৱা উপলক্ষে বছৰ যোৰা কার্যসূচীৰে পালন কৰা হ’ব । অহা ৭ বহাগৰ সাধনী দিৱসৰ পৰা এই কার্যসূচী আৰম্ভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই সাধনী দিৱসটি সফল কৰিবৰ বাবে আজি সৰুপথাৰৰ খণ্ড উন্নয়ন কার্যলয়ৰ সভাকক্ষৰ এক শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় । বিধায়ক বিশ্বজিৎ ফুকনক সভাপতি, মাধুৰ্য শইকীয়াক কাৰ্যকৰী সভাপতি আৰু ধনশিৰি মহকুমাধিপতি দিনচেংফা বৰুৱাক সম্পাদক হিচাপে লৈ এক শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় । উল্লেখ্য যে,এই সাধনী দিৱসত অংশগ্ৰহণ কৰিবলৈ আহি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ভিতৰত আটাইতকৈ ওখ সতী সাধনীৰ এক মূৰ্ত্তিও উন্মোচন কৰিব ।

Leave A Reply

Your email address will not be published.