Daily Time Axom

‘ৰাহুল ঘৰত আছা?’ দুৱাৰমুখত থিয় হ’ল দিল্লী আৰক্ষী!

0 33

ৰাহুল গান্ধীৰ ঘৰত দিল্লী আৰক্ষী! ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে, “এতিয়াও মহিলাসকলক যৌন নিৰ্যাতন চলোৱা হৈছে।” সেই মন্তব্যৰ বাবেই দিল্লী আৰক্ষী তেওঁৰ ঘৰত উপস্থিত হয়।দেওবাৰে পুৱা বিশেষ আয়ুক্ত সাগৰপ্ৰীত হুদাৰ নেতৃত্বত দিল্লী আৰক্ষীৰ তদন্তকাৰী দল তেওঁৰ টুগলক পথৰ ঘৰত উপস্থিত হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ৰাহুল গান্ধীৰ বক্তব্যৰ পিছতে দিল্লী আৰক্ষীয়ে প্ৰমাণ বিচাৰিছে ৰাহুল গান্ধীৰ পৰা। তদন্তকাৰীয়ে জানিব বিচাৰিছে যে ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত কোনো মহিলাই তেওঁৰ ওচৰত যৌন নিৰ্যাতনৰ অভিযোগ কৰিছিল নেকি? লগতে যদি কোনো মহিলাক যৌন নিৰ্যাতন কৰা হৈছে তেন্তে আৰক্ষীয়ে তেওঁক নিৰাপত্তা প্ৰদান কৰিব।

‘ভাৰত জোড়ো যাত্ৰা’ সম্পূৰ্ণ কৰি লণ্ডনলৈ গৈছিল ৰাহুল গান্ধী। ইয়াৰ মাজতে সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে জাতীয় ৰাজনীতি পূৰ্ণ গতিত চলিছিল। ৰাহুল গান্ধীৰ ক্ষমা বিচৰাৰ দাবী কৰিছিল বিজেপিয়ে।কেম্ব্ৰিজত গৈ ভাৰতৰ বৰ্তমানৰ গণতন্ত্ৰৰ অৱস্থাক লৈ কৰা মন্তব্যকলৈ ক্ষুব্ধ হৈ পৰে বিজেপিৰ নেতৃত্ব। ৰাহুল গান্ধীয়ে দেশক অপমান কৰাৰ অভিযোগ কৰে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ।

যোৱা ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশনত ভাষণ দি কংগ্ৰেছ সাংসদগৰাকীয়ে নৰেন্দ্ৰ মোডীৰ নামক দেশৰ এজন উদ্যোগপতিৰ সৈতে সংযোগ কৰি কিছু বিৰূপ মন্তব্য কৰিছিল। আনকি এখন ছবিও দেখুৱাইছিল।কংগ্ৰেছৰ সাংসদগৰাকীৰ মন্তব্যক কেন্দ্ৰ কৰি সংসদ অধিৱেশনত উত্তপ্ত হৈ পৰে। ইয়াৰ পিছতে বিজেপিৰ সাংসদসকলে প্ৰধানমন্ত্ৰীক প্ৰমাণ অবিহনে অপমানজনক মন্তব্য কৰাৰ বাবে ৰাহুলৰ বিৰুদ্ধে বিশেষ সুবিধা ভংগৰ জাননী দাখিল কৰে।যোৱা ৭ ফেব্ৰুৱাৰীত বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাহুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। বিজেপিয়ে মোডীক লৈ ৰাহুলৰ মন্তব্যক ‘অসন্মানজনক, বিভ্ৰান্তিকৰ আৰু অসংসদীয়’ বুলি অভিহিত কৰে। এতিয়া সংসদৰ বিশেষাধিকাৰ কমিটীয়ে ৰাহুলৰ মন্তব্যৰ সবিশেষ জানিবলৈ বিজেপি সাংসদ দুজনক মাতি আনিছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.