আকৌ এবাৰ বিশ্বৰ আটাইতকৈ সুখী দেশৰ স্বীকৃতি ফিনলেণ্ডৰ

ফিনলেণ্ডে পুনৰ বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে স্বীকৃতি লাভ কৰিছে।

এবাৰ নহয়, দুবাৰ নহয়, একেৰাহে ছবাৰকৈ সুখী দেশৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে দেশখনে। বিশ্বৰ শীৰ্ষ ১০০ খন সুখী দেশৰ ভিতৰত ভাৰত নাই। এই তালিকাত ভাৰতৰ স্থান ১২৬। উল্লেখযোগ্য যে এই তালিকাত চুবুৰীয়া দেশসমূহে ভাৰতৰ ওপৰত স্থান লাভ কৰিছে। এই তালিকাত বাংলাদেশৰ স্থান ১১৮, তাৰ পিছতে আছে নেপাল ৭৮, পাকিস্তান ১০৮, ম্যানমাৰ ১১৭ আৰু শ্ৰীলংকাৰ ১১২।

প্ৰতি বছৰে ২০ মাৰ্চৰ সুখ দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰসংঘই আটাইতকৈ সুখী দেশৰ তালিকা প্ৰকাশ কৰে। এইবাৰো ইয়াৰ ব্যতিক্ৰম নাছিল। ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট ২০২৩ প্ৰকাশ। সুখী দেশৰ তালিকাত ফিনলেণ্ডৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ডেনমাৰ্ক আৰু আইচলেণ্ড। চতুৰ্থ স্থানত ইজৰাইল আৰু পঞ্চম স্থানত আছে নেদাৰলেণ্ড। শীৰ্ষ ১০ খন সুখী দেশৰ পিছতে আছে ছুইডেন (ষষ্ঠ), নৰৱে (সপ্তম), ছুইজাৰলেণ্ড (অষ্টম), লাক্সেমবাৰ্গ (নৱম) আৰু নিউজিলেণ্ড (দশম)।

এইবাৰৰ আটাইতকৈ সুখী দেশৰ তালিকাৰ তলত আছে যুদ্ধবিধ্বস্ত আফগানিস্তান (১৩৭)। ইয়াৰ এখোজ ওপৰত লেবানন (১৩৬)। ইউক্ৰেইন-ৰাছিয়া যুদ্ধত দুয়োপক্ষই বহু ক্ষতিগ্ৰস্ত হ’লেও দেশখন এতিয়াও শীৰ্ষ ১০০খন দেশৰ ভিতৰত আছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ স্থান ক্ৰমে ৭০ আৰু ৯২। মানুহৰ নিজৰ সুখৰ মূল্যায়নৰ ভিত্তিত, লগতে অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ ওপৰত ভিত্তি কৰি শূন্যৰ পৰা দহলৈকে স্কেলত আটাইতকৈ সুখী দেশৰ তালিকাখন জুখিব পাৰি। ইয়াৰ উপৰিও প্ৰতিখন দেশৰ জনসাধাৰণৰ ব্যক্তিগত মংগলবোধ, ব্যক্তিগত স্বাধীনতা, জিডিপি আৰু দুৰ্নীতিৰ স্তৰ বিচাৰ কৰা হয়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment