Daily Time Axom

চোৰে ৱাইন শ্ব’পত চুৰি কৰি থাকোঁতে মদৰ লোভ চম্ভালিব নোৱাৰি যি কৰিলে আচৰিত…

0 31

উত্তৰ প্ৰদেশৰ পিহানী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

চোৰ দুজনে চুৰি কৰিয়েই থমকি ৰোৱা নাছিল। দোকানত থকা মদ আৰু বিয়েৰৰ বটলৰ লোভ চম্ভালিব নোৱাৰি পলায়ন কৰাৰ আগেয়ে দোকানত বহি নিজৰ ইচ্ছা মতে মদ খালে।

মহানগৰীৰ হামিদ আলী ইণ্টাৰ কলেজৰ সন্মুখত এখন বিদেশী সুৰা আৰু বিয়েৰৰ দোকান। কাষতে আছিল আৰক্ষীৰ থানা। ঘটনাৰ দিনা দিনে নিশাই বন্ধ হৈ আছিল সুৰাৰ দোকানখন। ওচৰতে আৰক্ষী থানা থকা বাবে দোকানৰ মালিকজনো নিৰাপদ আছিল। কিন্তু পিছদিনা ৰাতিপুৱা দোকানখন খুলি চকু কঁপালত উঠে। কাৰণ দোকানত শ্বাটাৰ ভাঙি থকাৰ লগতে বহু সুৰাৰ বটল নোহোৱা হৈ আছে।

দোকানৰ মালিকে জানিবলৈ দিয়া মতে, গোটেই দোকানখনতে বিয়েৰৰ কেন সিঁচৰতি হৈ আছে। মদৰ গিলাচ এটাও আছে। প্ৰায় ১৪ হাজাৰ টকা বিদেশী সুৰা আৰু ৬৫ হাজাৰ টকা বিয়েৰ লৈ পলায়ন কৰে চোৰে। দোকানৰ পৰা বহু নগদ ধনো লৈ যায়। দোকানৰ মালিকে জানিবলৈ দিয়া মতে, দোকানখনত চিচিটিভি আছে। কিন্তু তাৰ পাছতো চোৰে ভয় কৰা নাছিল। দোকানত বহি চুৰি কৰি মদো খাইছিল।

স্বাভাৱিকতে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। কাৰণ দোকানৰ সন্মুখত পুলিচৰ থানা। আচৰিত যে কোনোৱেই শ্বাটাৰ ভঙা শব্দ শুনা নাপালে।

Leave A Reply

Your email address will not be published.