মংগল গ্ৰহত পোৱা গৈছে প্ৰাচীন হিমবাহ

মংগল গ্ৰহতপোৱা গৈছে প্ৰাচীন হিমবাহ।

এতিয়াও কিছু পৰিমাণে পানীৰ গঠন বাকী আছে বুলি বিশ্বাস কৰা হয়।

বৰফৰ বহুখিনি এতিয়া নাই। কিন্তু বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে এসময়ত মংগল গ্ৰহৰ বিষুৱীয় অঞ্চলত হিমবাহৰ অস্তিত্ব আছিল। তাত যিখিনি জমা হয় সেয়া সাধাৰণতে পাতল ৰঙৰ ছালফেট লৱণেৰে গঠিত।

ছেটি ইনষ্টিটিউট আৰু মংগল ইনষ্টিটিউটৰ মুখ্য বিজ্ঞানী ড০ পাস্কেল লীয়ে এক বিবৃতিত কয় যে আমি যি পাইছো সেয়া বৰফ নহয়, বৰঞ্চ হিমবাহৰ বিশদ ৰূপগত বৈশিষ্ট্য থকা নিমখৰ স্তূপ। মূলতঃ এই নিমখ হিমবাহৰ ওপৰত গঠন হয়।’

গৱেষকসকলে হিমবাহৰ দৈৰ্ঘ্য সাড়ে তিনি মাইল বা ছয় কিলোমিটাৰ আছিল বুলি ভাবিছে। প্ৰস্থ আছিল ডেৰ-দুই মাইল বা চাৰি কিলোমিটাৰ।

গৱেষকৰ দলটোৱে হিমবাহৰ ভিতৰত মুকলি হোৱা ঠাইবোৰো পৰ্যবেক্ষণ কৰে। শেহতীয়াকৈ টেক্সাছৰ দ্য উডলেণ্ডছত অনুষ্ঠিত হোৱা ৫৪ সংখ্যক চন্দ্ৰ-গ্ৰহ বিজ্ঞান সন্মিলনত এই মংগল গ্ৰহৰ ফলাফল ঘোষণা কৰা হৈছে।

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment