মায়ঙত টাইকোৱাণ্ডোৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ


মৰিগাঁও জিলাৰ মায়ং শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনত মৰিগাঁও জিলা টাইকোৱাণ্ডোৰ প্ৰশিক্ষক সকলৰ আজি এদিনীয়া প্ৰশিক্ষণ শিবিৰ এটি অনুষ্ঠিত হয়।
মায়ং টাইকোৱাণ্ডোৰ একাডেমিৰ সহযোগত আৰু মৰিগাঁও জিলা টাইকোৱাণ্ডোৰ এচছিয়েশ্যনৰ দ্বাৰা আয়োজন কৰা প্ৰশিক্ষণ শিবিৰটোত উপস্থিত থাকে মৰিগাঁও জিলা টাইকোৱাণ্ডোৰ এচছিয়েশ্যনৰ সম্পাদক প্ৰাঞ্জল বৰা, মায়ং টাইকোৱাণ্ডোৰ একাডেমিৰ প্ৰশিক্ষক কৃষ্ণ কান্ত নাথ, অজয় শঙ্কৰ নাথ, ৰত্ন কান্ত নাথ আদিকে ধৰি মৰিগাঁও জিলাৰ ভূৰবান্ধা, জাগীৰোড, ধৰমতুল আদি স্থানৰ ৩০ গৰাকী প্ৰশিক্ষক। প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে মৰিগাঁও জিলা টাইকোৱাণ্ডোৰ এচ’ছিয়েশ্যনৰ টেকনিকেল ডাইৰেক্টৰ বলবিন্দ সিঙে।

AssamAssamese NewsDaily time axomGuwahatiInternational
Comments (0)
Add Comment