Daily Time Axom

লণ্ডনত ভাৰতৰ দূতাবাসত ত্ৰিৰংগা নমাই খালিস্তানী পতাকা উত্তোলন কৰিলে খালিস্তানীসকলে

0 30

লণ্ডনত ভাৰতীয় উচ্চায়ুক্তত ভাৰতীয় জাতীয় পতাকা নমাই নিজৰ পতাকা উত্তোলন কৰে খালিস্তানীসকলে। এই ঘটনাত ভাৰতে ব্ৰিটেইনক তীব্ৰ গৰিহণা দিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সৰ্বোচ্চ ৰাষ্ট্ৰদূতক মাতিছে। খালিস্তানী নেতা অমৃতপল সিঙক গ্ৰেপ্তাৰ কৰাৰ চেষ্টাৰ প্ৰতিবাদত লণ্ডনত থকা ভাৰতীয় দূতাবাসত এই আক্ৰমণ।

দেওবাৰে বিয়লি লণ্ডনত ভাৰতীয় উচ্চায়ুক্তৰ বাহিৰত একাংশ খালিস্তানীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। নিৰাপত্তাৰক্ষীৰ ঘেৰাও ভাঙি হাতত হালধীয়া পতাকা লৈ শ্লোগান দিয়ে। তাৰ পাছত এজন ব্যক্তিয়ে ভাৰতৰ পতাকাখন নমাই দিলে। তাত উত্তোলন কৰা হৈছিল হালধীয়া খালিস্তানী পতাকা। প্ৰতিবাদকাৰীসকলে ভাৰত বিৰোধী কেইবাটাও শ্লোগান দিয়ে। সমগ্ৰ ঘটনাৰ ভিডিঅ’ নেট জগতত বিয়পি পৰিছে।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি ব্ৰিটিছ প্ৰশাসনক তীব্ৰ গৰিহণা দিছে। তাত কোৱা হৈছে, “ভাৰতীয় উচ্চায়ুক্তক নিৰাপত্তা প্ৰদান কৰাত ব্ৰিটিছ প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হ’ল।” খালিস্তানীসকল কেনেকৈ উচ্চ আয়োগৰ চৌহদত প্ৰৱেশ কৰিলে তাৰ উত্তৰ দিব লাগিব ব্ৰিটেইনে। ভাৰতীয় কূটনৈতিক ভৱন আৰু তেওঁলোকৰ কৰ্মচাৰীসকলক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰাত ব্ৰিটিছ চৰকাৰে ব্যৰ্থ হোৱাটো একেবাৰেই সহ্য কৰা নহ’ব।”

Leave A Reply

Your email address will not be published.