মেঘালয়ৰ নংপোত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা বাগৰি পৰে এখন নৈশ বাছ

নিউজ ডেস্ক, ২১ মাৰ্চঃ মেঘালয়ৰ নংপোত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে ।

অৱশ্যে আহত লোকসকলৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।আহতসকলক নিশাই স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এখন নৈশ বাছ নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ এ আৰ ২০- ৯০৯৯।দুৰ্ঘটনাত পতিত হোৱা বাছখন গুৱাহাটীৰ পৰা কৰিমগঞ্জৰ বদৰপুৰ অভিমুখে যাত্ৰা কৰিছিল।

AccidentAssamDaily time axomIndiaInjuredMeghalayaNorth East
Comments (0)
Add Comment