পাটনাৰ ৰে’ল ষ্টেচনৰ টিভি স্ক্ৰিনত বিজ্ঞাপনৰ পৰিৱৰ্তে চলিল পৰ্ন ফিল্ম

নিউজ ডেস্ক, ২১ মাৰ্চঃ পাটনাৰ এটা ৰে’ল ষ্টেচনৰ টেলিভিছন স্ক্ৰীণত বিজ্ঞাপনৰ পৰিৱৰ্তে চলিল পৰ্ণ ফিল্ম। এনে এক কাণ্ড দেখি যাত্ৰীসকলৰ চকু কপালত উঠিল। এই ঘটনা বিহাৰৰ পাটনা ৰে’ল ষ্টেচনৰ ১০ নম্বৰ প্লেটফৰ্মত সংঘটিত হৈছিল।

যাত্ৰীসকলে খৰখেদাকৈ গৈ জিআৰপি আৰু আৰপিএফ বিষয়াসকলৰ ওচৰত অভিযোগ কৰিছিল। কিন্তু ইয়াক বন্ধ কৰিবলৈ যথেষ্ট সময় লাগে।

খবৰ অনুসৰি, ৰে’ল ষ্টেচনৰ দূৰদৰ্শনৰ বিজ্ঞাপন দিয়াৰ দায়িত্বত আছিল দত্ত কমিউনিকেশ্বন নামৰ এটা কোম্পানীৰ ওপৰত।

ইয়াৰ পিছতেই দত্ত কমিউনিকেশ্বনৰ বিৰুদ্ধে ৰে’লৱেৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰা হয়। কোম্পানীটোক ব্লেকলিষ্ট কৰাৰ উপৰিও ইয়াক আৰ্থিক জৰিমনা পৰিশোধ কৰিবলৈও কোৱা হৈছে।

Assamese NewsBiharDaily time axomIndiaPatnaRailway Station
Comments (0)
Add Comment