‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ৰ বক্স অফিচ গৰম

সাৱলীলভাৱে বাংলা ক’ব পাৰে। মাছ-ভাত, মিঠা দৈ, সন্দেশ ৰাছাগোলা ভাল পায়। দুৰ্গা পূজাৰ সময়ত শাৰী পিন্ধি কঁকাল বান্ধি পূজাৰ খাদ্য পৰিবেশন কৰে। ৰাণী মুখোপাধ্যায় আদিত্য চোপ্ৰাৰ ঘৰ মুম্বাইত থাকিও বংগৰ আচাৰ-ব্যৱহাৰ পাহৰা নাই। সেইবাবেই ৰাণী বাঙালীৰ অতি প্ৰিয় অভিনেত্ৰী। আৰু সেইবাবেই যেতিয়া ৰাণীৰ ছবিখন মুক্তি পায় তেতিয়া সমগ্ৰ বংগত এক সুকীয়া উত্তেজনাৰ সৃষ্টি হয়।

যোৱা শুকুৰবাৰে মুক্তি পালে ৰাণী মুখাৰ্জীৰ নতুন ছবি ‘মিচেছ চেটাৰ্জী ভাৰ্চাছ নৰৱে’। বক্স অফিচৰ হিচাপ অনুসৰি এই ছবিখনে কেৱল সমগ্ৰ দেশতে নহয় বংগতো ডাঙৰ ব্যৱসায় কৰিছে। আৰু সেই কথা জনাৰ পাছত ৰাণীয়ে বংগবাসীক ধন্যবাদ জনালে। এটা সংবাদ মাধ্যমত ৰাণীয়ে কয় যে মই গৌৰৱান্বিত যে মই এজন বঙালী। বংগৰ জনসাধাৰণে সদায় মোৰ লগতে মোৰ ছবিৰ কাষত থিয় দি আহিছে। তাৰ বাবে মই তেওঁলোকৰ ওচৰত অতিশয় কৃতজ্ঞ। সকলোকে ধন্যবাদ।”

‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ মুক্তিৰ উইকেণ্ডত নৰৱেত প্ৰায় ৬ লাখ টকা (৭৪৫ ন’ক) ব্যৱসায় কৰিছে। আৰু সেইবাবেই শ্বাহৰুখ খানৰ ‘পাথান’, ‘ৰইছ’ৰ দৰে চিনেমাবোৰ পিছ পৰি ৰ’ল। ছলমান খানৰ ‘চুলতান’ ছবিৰ আয়ো ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ৰ আয়ক অতিক্ৰম কৰিছে।


AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment