বুধবাৰে ৰাতিপুৱা সমগ্ৰ দিল্লীত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিৰোধী পোষ্টাৰ। আৰক্ষীয়ে বহু থানাত এফআইআৰ দাখিল কৰে। অন্ততঃ ১০০ৰো অধিক লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। এই ঘটনাত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু, মোডী বিৰোধী পোষ্টাৰ কোনে লগালে?
বিজেপি আৰু আম আদমী পাৰ্টিৰ নেতাসকলে অভিযোগ আৰু প্ৰতি অভিযোগ উত্থাপন কৰিছে।
কিন্তু, জি-২০ সন্মিলনৰ ঠিক আগতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে পোষ্টাৰ ৰাজধানীতে কিয় লগোৱা হ’ল? ইয়াৰ আঁৰত এটা ডাঙৰ ষড়যন্ত্ৰ আছে বুলি দিল্লী আৰক্ষীয়ে বিশ্বাস কৰে। বিজেপিৰ অভিযোগ যে বিৰোধীয়ে কোনো গঠনমূলক কাম কৰিব নোৱাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিছে। এই সমগ্ৰ ঘটনাৰ বাবে বিজেপিয়ে আম আদমি পাৰ্টি আৰু ইয়াৰ নেতা অৰবিন্দ কেজৰিৱালক দোষাৰোপ কৰে।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আম আদমী পাৰ্টিয়ে দিল্লী আৰক্ষীয়ে দলটোক বশ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ দাবী, “মোডী হাথাও, দেশ বাচাও” এটা সাধাৰণ ৰাজনৈতিক শ্লোগান। ইয়াৰ বাবে আম আদমি পাৰ্টিৰ নেতাসকলক কিয় বাছনি কৰি গ্ৰেপ্তাৰ কৰা হৈছে?
প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে পোষ্টাৰ বিতৰ্কই ৰাজধানী কঁপাই তোলাৰ পিছতে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে যন্তৰমন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো তাত উপস্থিত থাকিব।
আনহাতে, আম আদমী পাৰ্টিয়ে অবৈধ কাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। পোষ্টাৰখনত প্ৰিণ্টাৰৰ নাম নাছিল, ঠিকনাও নাছিল। সেইবাবেই দিল্লী আৰক্ষীয়ে অবৈধ পোষ্টাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।