অংগনবাড়ী কৰ্মী আৰু সহায়িকালৈ অৱসৰকালীন সাহায্য প্ৰদান ঘোষণা

নিউজ ডেস্ক, ২২ মাৰ্চঃ অংগনবাড়ী কৰ্মী আৰু সহায়িকালৈ অৱসৰকালীন সাহায্য প্ৰদান ঘোষণা। শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। লগতে মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী নন্দিতা গাৰ্লোচাও উপস্থিত থাকে। এই অনুষ্ঠানত মুঠ ৭৯৩ গৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক অৱসৰকালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কয় যে, এনেকুৱা আঁচনি সমগ্ৰ ৰাষ্ট্ৰৰ ভিতৰত প্ৰথম। লগতে কয় যে, মুখ্যমন্ত্ৰী শৰ্মাৰ সবল নেতৃত্বত এই আঁচনি গ্ৰহণ কৰা সম্ভৱ হৈছে। পূৰ্বে কোনোধৰণৰ সাহাৰ্য প্ৰদানৰ ব্যৱস্থা নাছিল। ৬০ বছৰত অৱসৰ লোৱা অংগনবাড়ী কৰ্মীক ৪ লাখ টকা, ক্ষুদ্ৰ কেন্দ্ৰৰ কৰ্মীক ৩ লাখ টকা আৰু সহায়িকাক ২ লাখকৈ টকা এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। এই আঁচনিৰ বাবে ২৬ কোটি ৭৪ লাখ টকা ধাৰ্য্য কৰা হৈছে।

Ajanta NeogAssamAssamese NewsDaily time axomGuwahatiHimanta Biswa SarmaIndia
Comments (0)
Add Comment