Daily Time Axom

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘হিন্দু বাঘ’ আখ্যা বাগেস্বৰ ধামৰ বাবা ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ

0 32

নিউজ ডেস্ক, ২২ মাৰ্চঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘হিন্দু বাঘ’ আখ্যা বাগেস্বৰ ধামৰ বাবা ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ।

অসমত মধ্য প্ৰদেশৰ বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী। শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাৰ আশিস লয় শাস্ত্ৰীয়ে।

বাগেশ্বৰ ধাম সৰকাৰৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ জৰিয়তে হিন্দুৰ সম্ৰাট তথা অসমৰ সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আগ্ৰহ আৰু অনুৰোধত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে তেওঁক সাক্ষাত কৰা বুলি জনায়।

ইয়াৰ উপৰি উত্তৰ-পূবৰ জনসাধাৰণৰ উন্নয়ন আৰু কল্যাণৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ আশীৰ্বাদ গ্ৰহণ কৰে বুলিও টুইটটোত উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.