Daily Time Axom

ভূমিকম্পত পাকিস্তান, আফগানিস্তানত বৰ্তমানলৈকে ১১ জনৰ মৃত্যু

0 26

নিউজ ডেস্ক, ২২ মাৰ্চঃ মঙলবাৰে নিশা অহা ভূমিকম্পই ভাৰত, পাকিস্তান , আফগানিস্তানক ভয়ংকৰভাৱে জোকাৰি যায়। এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৬.৬।

ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ ফৈজাবাদৰ পৰা ১৩৩ কিলোমিটাৰ দক্ষিণ পূবত ভূগৰ্ভৰ ১৫৬ কিলোমিটাৰ তলত।ভূমিকম্পৰ ফলত এই পৰ্যন্ত পাকিস্তানত ৯ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে ৩০২ জন লোকৰ। আনহাতে আফগানিস্তানত এই পৰ্যন্ত মৃত্যু হৈছে ২ জন লোকৰ।

ভাৰতৰ দিল্লী, ৰাজস্থান, পঞ্জাৱ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰক জোকাৰি যোৱা এই ভূমিকম্পৰ ফলত এই পৰ্যন্ত কোনো বিস্তৰ ক্ষতি হোৱাৰ তথ্য লাভ কৰা নাই।

Leave A Reply

Your email address will not be published.