হিন্দু নৱবৰ্ষৰ পবিত্ৰ দিনটোত উত্তৰ গুৱাহাটীত শ্ৰীশ্ৰী হনুমান জয়ন্তী মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন

আজি বিশ্বৰ প্ৰতিজন হিন্দুৰ বাবে পবিত্ৰ দিন “বৰ্ষ প্ৰতিপদ” বছৰৰ প্ৰথম দিন। আজিৰ পৰা আৰম্ভ হৈছে ১৯৪৫ শকাব্দ বিক্ৰম সংবৎ ২০৮০। আজিৰ এই হিন্দু নৱবৰ্ষৰ পবিত্ৰ দিনটোতে উত্তৰ গুৱাহাটীত শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱৰ ধৰ্ম ধ্বজা উত্তোলন কৰা হয় । চ’ত মাহৰ শুক্লা প্ৰতিপদ তিথিত উত্তৰ গুৱাহাটী পৰম্ শিৱম শিৱমন্দিৰ যোগাশ্ৰম আৰু ১০০৮ মহামণ্ডলেশ্বৰ স্বামী শ্ৰী শ্ৰী কেশৱ দাস জী মহাৰাজৰ তত্বাৱধানত অহা ৪,৫ আৰু ৬ এপ্ৰিলত উত্তৰ গুৱাহাটী মধ্যমখণ্ড ঘাটৰ বালিচৰত শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱৰ প্ৰস্তুতি চলাই থকা হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত আজি বিয়লি ২ বজাত বৈদিক পূজা অৰ্চনাৰ অন্তত স্বামী কেশৱ দাসজী মহাৰাজে ধৰ্ম ধ্বজা উত্তোলন কৰে। অনুষ্ঠানত সমাজকৰ্মী দিগন্ত বৰা, দূৰ্গা দাস, মুকুটেশ্বৰ গোস্বামী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । অহা ৬ এপ্ৰিলত ১ লাখ হনুমান চালিসা পাঠৰে এই বিশাল আধ্যাত্মিক আয়োজনৰ অন্ত পৰিব।

AssamDaily time axomDeathIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment