নিউজ ডেস্ক, ২২ মাৰ্চঃ নলবাৰীৰ ৰাজপথত দপদপকৈ জ্বলি ভস্মীভূত হ’ল ‘গণপতি’ নামৰ যাত্ৰীবাহী বাছখন । জানিব পৰা অনুসৰি, গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী আছিল বাছখন।
উল্লেখ্য যে, কথমপি প্ৰাণ ৰক্ষা পৰিলে ২০ জনতকৈয়ো অধিক যাত্ৰী। বাছখনৰ নম্বৰ AS28C 3867 বুলি জানিব পৰা গৈছে।
চৰ্ট চাৰ্কিটৰ ফলত এই কাণ্ড হোৱা বুলি গাড়ীৰ চালকে জানিবলৈ দিয়ে । ইপিনে যাত্ৰীয়ে জনোৱা মতে, ৰঙিয়া পাওতেই গাড়ীখনৰ যান্ত্ৰিক বিজুটি ঘটিছিল। ঘটনাস্থলীত নলবাৰীৰ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।