Daily Time Axom

তামিলনাডুত ইউনিট বিস্ফোৰণত ৭ জন লোকৰ মৃত্যু

0 77

তামিলনাডুত ইউনিট বিস্ফোৰণত ৭ জন লোকৰ মৃত্যু। আৰক্ষীৰ তথ্য অনুসৰি বিস্ফোৰণৰ স্থানতে ৫ জন লোকৰ মৃত্যু হয়। ১৫ জন আহত লোকক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ১৫ জনৰ ভিতৰত ২ জনৰ চিকিৎসালয়লৈ নিয়াৰ পিছত মৃত্যু হয়। মৃত ৭ জনৰ ভিতৰত ৩ গৰাকী মহিলা বুলিও জনা যায়।

দুপৰীয়াৰ ভাগত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণ দেখি স্থানীয় ৰাইজে লৰালৰিকৈ ওলাই আহিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়। এখন এম্বুলেন্সক অৱগত কৰা হয়। জানিব পৰা মতে, এম্বুলেন্স আহি পোৱাৰ পূৰ্বে স্থানীয় ৰাইজে আহতসকলক এখন অট’ত উঠি চিকিৎসালয়লৈ নিবলৈ আৰম্ভ কৰে। কাঞ্চিপুৰম জিলা উপায়ুক্ত, উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.