নিউজ ডেস্ক, ২২ মাৰ্চঃ গুৱাহাটীৰ বৰ্ষাপাৰাত বিশ্বকাপৰ মেচ হোৱাৰ সম্ভাৱনা। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে BCCIয়ে গুৱাহাটীকে ধৰি দেশৰ আগশাৰীৰ ১২ খন চহৰক বাছনি কৰা বুলি জানিব পৰা গৈছে।
চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ১৯ নৱেম্বৰলৈকে ভাৰতত চলিব এদিনীয়া বিশ্বকাপ। ১০টা দলে অংশ ল’বলগীয়া শীৰ্ষ প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে BCCIয়ে।
ইএছপিএনক্ৰিকইনফোৰ খবৰ অনুসৰি, বিশ্বকাপৰ ফাইনেল মেচখনৰ বাবে BCCIয়ে আহমেদাবাদস্থিত বিশ্বৰ সৰ্ববৃহত ক্ৰিকেট ষ্টেডিয়ামখন বাছনি কৰিছে।
BCCIয়ে বাছনি কৰা আন কেইখন চহৰ হৈছে বেংগালুৰু, চেন্নাই, দিল্লী, ধৰমশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট আৰু মুম্বাই।
এই চহৰ কেইখনতে প্ৰতিযোগিতাখনৰ মুঠ ৪৮ খন মেচ অনুষ্ঠিত হ’ব। অৱশ্যে বিচিচিআইৰ তৰফৰ পৰা এই সন্দৰ্ভত নিশ্চিত তথ্য প্ৰকাশ কৰা নাই।