গৌৰীপুৰৰ পৰ্ব্বতঝোৰাত এগৰাকী টিউটৰ শিক্ষকৰ আত্মহত্যা

কোকৰাঝাৰ জিলা পৰ্বতঝৰা মহকুমা শিক্ষা খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত শিলাইৰ পাৰ মল্লিক পাৰা ৰমনা এলপি স্কুলৰ প্ৰধান শিক্ষক (টিউটৰ) ভাষান আলীয়ে( ৫২)নিজ ঘৰতে চিপজৰীলৈ আত্মহত্যা কৰে ।

শিক্ষক গৰাকীয়ে আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত।

জানিব পৰা মতে,১৯৮৪ চনৰ পৰা শিক্ষক গৰাকীয়ে বিনা দৰমহাৰে শিক্ষকতা কৰি অহাৰ পাছত ২০২১ চনত চৰকাৰে টিউটৰ শিক্ষকৰ মৰ্যদা লাভ কৰে।

আজি পত্নীৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰাৰ পাছত আশা কৰ্মীৰ চুপাৰ ভাইজাৰ পত্নী কামত গুচি যোৱাৰ লগতে ঘৰৰ কাষতে থকা স্কুললৈ শিক্ষকগৰাকী যায়।

কিছু সময় পিছত শিক্ষকগৰাকী ঘৰলৈ ঘূৰি আহি ৰছীৰে নিজ ঘৰতে চিপজৰী লৈ আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।

পাছত শিক্ষক গৰাকীৰ ল’ৰা ঘৰত আহি তেওঁৰ পিতৃ ওলমি থকা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি শিক্ষকগৰাকী চিপজৰী লোৱা অৱস্থাত দেখা পায়।

পাছত ঘটনা সন্দৰ্ভত স্থানীয় কাজিগাঁও আৰক্ষী থানাত খবৰ দিয়াত দণ্ডাধীশৰ সৈতে আৰক্ষী ঘটনা স্থলীত উপস্থিত হয়।

যোৱা কেৱাদিন ধৰি বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয় খনৰ হিচাপ লৈ শিক্ষক গৰাকীক হেচা প্ৰয়োগ কৰি অহা বুলি পৰিয়ালৰ লোকে আৰক্ষীয় ওচৰত কোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment