২০২২ চনৰ ভাৰতৰ আটাইতকৈ দামী তাৰকা হিচাপে শীৰ্ষস্থান দখল কৰিছে অভিনেতা ৰণবীৰ সিঙে। কৰ্পৰেট তদন্ত আৰু ৰিস্ক কনচালটিং ফাৰ্ম ক্ৰ’লৰ এক প্ৰতিবেদনত ৰণবীৰক আটাইতকৈ দামী তাৰকা হিচাপে ঘোষণা কৰা হৈছে। ‘চেলিব্ৰিটি ব্ৰেণ্ড ভেলুৱেশ্যন ৰিপ’ৰ্ট ২০২২’ শীৰ্ষক প্ৰতিবেদন অনুসৰি ৰণবীৰ সিঙে ১৮১.৭ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১৪৯৪ কোটি টকাৰ ব্ৰেণ্ড মূল্যৰে শীৰ্ষ স্থান দখল কৰিছে। ক্ৰিকেটাৰ বিৰাট কোহলী বিগত পাঁচ বছৰে শীৰ্ষত আছিল। এইবাৰ ৰণবীৰে তেওঁক স্থানচ্যুত কৰিলে।
১৭৬.৯ মিলিয়ন ডলাৰৰ ব্ৰেণ্ড মূল্যৰে দ্বিতীয় স্থানলৈ নামি আহিল কোহলি। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত দুবছৰত তেওঁৰ ব্ৰেণ্ড মূল্য হ্ৰাস পাইছে। ২০২০ চনত তেওঁৰ ব্ৰেণ্ড মূল্য ২৩৭ মিলিয়ন ডলাৰৰ ওপৰত আছিল যদিও ২০২১ চনত ই ১৮৫.৭ মিলিয়ন ডলাৰলৈ হ্ৰাস পাইছিল। তৃতীয় স্থানত আছে অভিনেতা অক্ষয় কুমাৰৰ ব্ৰেণ্ড মূল্য ১৫৩.৬ মিলিয়ন ডলাৰ। এই তালিকাত ১০২.৯ মিলিয়ন ডলাৰেৰে চতুৰ্থ স্থানত আছে আলিয়া ভাট।
দীপিকা পাডুকনৰ ব্ৰেণ্ড মূল্য ৮২.৯ মিলিয়ন ডলাৰ, যাৰ ফলত তেওঁ পঞ্চম স্থানত আছে। অমিতাভ বচ্চন, শ্বাহৰুখ খান, ঋত্বিক ৰোশনৰ দৰে তাৰকাই শীৰ্ষ দহৰ তালিকাত স্থান লাভ কৰিছে।
প্ৰাক্তন ক্ৰিকেটাৰ এম এছ ধোনিৰ ব্ৰেণ্ড মূল্য ৮ কোটি ডলাৰ। শচীন টেণ্ডুলকাৰৰ ব্ৰেণ্ড মূল্য ৭৩.৬ মিলিয়ন ডলাৰ।
মন কৰিবলগীয়া যে ২০২২ চনত শীৰ্ষ ২৫ টা তাৰকাৰ ব্ৰেণ্ড মূল্য ১.৬ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে, যিটো ২০২১ চনৰ তুলনাত প্ৰায় ২৯.১ শতাংশ বেছি। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে দক্ষিণৰ তাৰকা আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডানাই ভাৰতৰ শীৰ্ষ ২৫ জন লোকৰ তালিকাত স্থান লাভ কৰিছে। অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাইও কমনৱেলথৰ স্বৰ্ণ পদক বিজয়ী পিভি সিন্ধুৰ সৈতে শীৰ্ষ ২৫ ৰ ভিতৰত স্থান লাভ কৰে। দুয়োটাৰে মূল্য আছিল ২৬.৫ মিলিয়ন ডলাৰ।