১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব চাংসাৰিৰ AIIMS – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিউজ ডেস্ক, ২৩ মাৰ্চঃ এপ্ৰিলত মুকলি হ’ব ৰাজ্যৰ চিকিৎসানুষ্ঠান এইমছ। বৃহস্পতিবাৰে এই কথা জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, প্রায় ৮৫% কাম সম্পূৰ্ণ চাংসাৰীত নিৰ্মাণ হৈ থকা এইমছৰ।
মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি ১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে মুকলি কৰিব এইমছ। আজি এইমছৰ নিৰ্মাণ কাৰ্যৰ বুজ লয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। লগতে এইমছৰ নিৰ্মাণস্থলীত উপস্থিত হয় স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত।
এইমছত ১৮টা বিভাগৰ কাম প্রায় সম্পূৰ্ণ হৈছে। ৭৫০খন বিচনাযুক্ত চিকিৎসালয়খনত ১৫০খন বিছনা কাৰ্যক্ষম হৈছে। বৰ্তমানো চিকিৎসালয়খনত OPD সেৱা কৰি থকা হৈছে। আনহাতে চিকিৎসালয়খনত তিনিটা একাডেমীক বৰ্ষৰ পাঠদান চলি আছে।