নিউজ ডেস্ক, ২৩ মাৰ্চঃ ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড। মানহানি গোচৰত এই ৰায় ছুৰাট আদালতৰ। ৪ বছৰীয়া পুৰণি গোচৰত দোষী সাব্যস্ত কৰে ৰাহুল গান্ধীক। ‘মোদী’ উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে।
প্ৰধানমন্ত্ৰী মোডী “চোৰ” বুলি কৰা মন্তব্যৰ বাবেই আজি আদালতত শুনানি হৈছিল। এই গোচৰত আদালতে দোষী সাৱ্যস্ত কৰে ৰাহুল গান্ধীক।
কংগ্ৰেছ নেতা গৰাকীয়ে ২০১৯ চনত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোডীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিধায়ক পূৰ্ণেশ মোডীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল।