Daily Time Axom

বিশাখাপট্টনমত শোকাৱহ ঘটনা ! ৩ মহলীয়া অট্টালিকা ভাঙি শিশুসহ ৩জনৰ মৃত্যু

0 35

নিউজ ডেস্ক, ২৩ মাৰ্চঃ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা ভাঙি শিশুসহ ৩জনৰ মৃত্যু, আহত হয় ৬জনকৈ ব্যক্তি। পুৱতি নিশা ৰামাযোগী পেটাত ভাগি পৰে পুৰণি অট্টালিকাটো। অট্টালিকাটোৰ দাঁতিকাষৰীয়া স্থানত প্ৰতিৱেশীয়ে স্থাপন কৰিছিল ব’ৰিং।নতুনকৈ আন এটা অট্টালিকাৰো নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল। যাৰ ফলত দুৰ্বল হৈ পৰিছিল পুৰণি অট্টালিকাটোৰ আন্তঃগাঁথনি।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অট্টালিকাটোত মুঠ ৯জন লোকে বাস কৰিছিল। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Leave A Reply

Your email address will not be published.