আপোনাৰ সংগী আজীৱন আপোনাৰ লগত থাকিব নে নাই সেয়া তেওঁৰ আচাৰ-ব্যৱহাৰত প্ৰকাশ পায়। তেওঁৰ কিছুমান আচৰণ দেখি আপুনি বুজিব পাৰিব। জানি লওক সেইবোৰ কি…
১) জীৱনত ঘটি থকা কথাবোৰ প্ৰতিদিনে আপোনাৰ সংগীয়ে শ্বেয়াৰ কৰেনে? যদি নকৰে, তেন্তে আপুনি বুজিব যে আপোনাৰ সংগী আপোনাৰ প্ৰতি একেবাৰেই ছিৰিয়াছ নহয়। যদি এনেকুৱা হয় তেন্তে সম্পৰ্কটোৰ বিষয়ে চিন্তা কৰা সময় আহি পৰিব।
২) আপোনাৰ সংগীয়ে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনা আপোনাৰ লগত শ্বেয়াৰ কৰেনে? তেওঁ ভৱিষ্যতত আপোনাৰ উপস্থিতিৰ কথা বাৰে বাৰে উল্লেখ কৰেনে? যদি নকৰে, তেন্তে আপুনি বুজিব যে আপোনাৰ সংগীয়ে আপোনাক তেওঁৰ জীৱনত বিশেষভাবে লোৱা নাই ।
৩) ল’ৰা বা ছোৱালীয়ে আপোনাক বিয়া কৰাব বিচাৰে নে নাই সেইটো বুজিবলৈ হ’লে আপুনি জানিব লাগিব যে তেওঁ আপোনাক নিজৰ ব্যক্তিগত ক্ষেত্ৰত কেনেকৈ লৈছে। প্ৰেমিকজনে যদি আপোনাক নিজৰ বন্ধু-বান্ধৱী, আত্মীয়-স্বজনৰ লগত চিনাকি কৰাই দিয়ে তেন্তে বুজিব যে তেওঁ সঁচাকৈয়ে পৰৱৰ্তী জীৱনটো আপোনাৰ লগত কটাব বিচাৰে। আৰু যদি ইয়াৰ বিপৰীত হয় তেন্তে আপোনাৰ সম্পৰ্কৰ পৰা ওলাই যাব।
৪) আপোনাৰ জীৱনৰ কোনো সিদ্ধান্ত লোৱাৰ সময়ত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ পছন্দক গুৰুত্ব দিয়ে নেকি? যদি আপোনাৰ সংগীয়ে আপোনাৰ লগত কথা নপতাকৈ এটা ডাঙৰ সিদ্ধান্ত লয়। তেতিয়া বুজিব, তেওঁ আপোনাৰ জীৱনৰ প্ৰতি বিশেষ গুৰুত্ব নাই।
লেখকঃ পল বৈভৱ