ছিৰিয়াত ইৰাণ সমৰ্থক উগ্ৰপন্থী সংগঠনক লক্ষ্য কৰি লৈছে আমেৰিকাই।
বৃহস্পতিবাৰৰ পৰা আমেৰিকাই বিমান আক্ৰমণ আৰম্ভ কৰিছে। সূত্ৰ অনুসৰি ইৰাণ সমৰ্থক উগ্ৰপন্থী সংগঠনৰ ড্ৰোন আক্ৰমণত এজন আমেৰিকান জোৱানৰ মৃত্যু হয়। আহত হয় ৫ জন জোৱান। ইয়াৰ পিছত ছিৰিয়াত নিয়োজিত আমেৰিকান সৈন্যই পাল্টা বিমান আক্ৰমণ আৰম্ভ কৰে। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পেন্টাগনে জনোৱা মতে, বৃহস্পতিবাৰে বিয়লি ইৰাণ সমৰ্থক উগ্ৰপন্থী সংগঠনটোৱে উত্তৰ-পূব ছিৰিয়াৰ হাছাকে প্ৰদেশত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ চলায়। ইয়াৰ পিছত আমেৰিকাৰ সেনাই প্ৰতিহত কৰে। জানিব পৰা মতে উগ্ৰপন্থীয়ে এই আক্ৰমণত ব্যৱহাৰ কৰা ড্ৰ’নখন ইৰাণত নিৰ্মিত।