Daily Time Axom

জ্বলাই দিলে ৯ হাজাৰ কেজি ড্ৰাগছ! অমিত শ্বাহে নিজেই তদাৰক কৰিলে

0 29

দেশৰ অধিকাংশ ড্ৰাগছ সাগৰীয় পথেৰে সৰবৰাহ কৰা হয়। পাকিস্তানৰ মাজেৰে ইৰাণলৈ যায়। তাৰ পিছত তাৰ পৰা ইয়াক শ্ৰীলংকা আৰু আফ্ৰিকালৈ সৰবৰাহ কৰা হয়। ড্ৰাগছ কাৰ্টেল ধ্বংস কৰাটো কেৱল কেন্দ্ৰৰ বাবে যুঁজ নহয়। ক’ব পাৰি যে দেশৰ প্ৰতিটো জনগোষ্ঠীৰ সংগ্ৰাম। এনে মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। শুকুৰবাৰে বেংগালুৰুত তেওঁৰ তত্বাৱধানত ৯ হাজাৰ ২৯৮ কেজি ড্ৰাগছ ধ্বংস হয়। যাৰ মূল্য ১ হাজাৰ ২৪৫ কোটি।

শ্বাহে ড্ৰাগছ সৰবৰাহৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় এখন সন্মিলনত অংশগ্ৰহণ কৰে। আৰু তাত তেওঁৰ কথা শুনা গ’ল, “অন্ততঃ ৬০-৭০ শতাংশ ড্ৰাগছ সৰবৰাহৰ কাম সাগৰৰ মাজেৰে হয়।” এই সৰবৰাহৰ প্ৰতিৰোধৰ বাবে আমি সতৰ্কতা অব্যাহত ৰখাৰ প্ৰয়োজন। যদি কোনো ডাঙৰ লিক ধৰা পৰে তেন্তে কঠোৰ তদন্ত কৰিব লাগে। ড্ৰাগছ আসক্ত ধৰা পৰিলেও তেওঁ ক’ৰ পৰা ড্ৰাগছ পালে সেই কথাও জানিব লাগে। লগতে তেওঁ কয় যে কেৱল কেন্দ্ৰই নহয়, ৰাজ্য, সমাজ আনকি প্ৰতিজন নাগৰিকেও ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ আগবাঢ়ি আহিব লাগে।

Leave A Reply

Your email address will not be published.