নিউজ ডেস্ক, ২৪ মাৰ্চঃ নগাঁৱৰ বাইপাছৰ ধাবাত নাৰী দেহ ব্যৱসায় চক্ৰৰ বিৰুদ্ধে অভিযান। দীৰ্ঘদিনৰ পৰা নাৰী দেহৰ বেহা চলি অহা নগাঁৱৰ বৰঘাট বাইপাছৰ ভোগদৈ ধাবাৰ পৰা আৰক্ষীয়ে আটক কৰিছে ৫গৰাকী যুৱতী আৰু ১৭জন যুৱকক। ধাবাখনৰ স্বত্বাধিকাৰী ৰাতুল হাজৰিকাৰ লগতে দালাল দুলাল আহমেদকো আটক কৰিছে আৰক্ষীয়ে।
দুলালে বিভিন্ন যুৱতীক প্ৰৰোচনাৰে দেহ ব্যৱসায়ৰ বাবে বাধ্য কৰাৰো অভিযোগ উঠিছিল। এই অভিযানৰ পিছতে নিশা নগাঁও সদৰ থানাত আৰক্ষী অধীক্ষকে এক সংবাদমেল সম্বোধন কৰি চক্ৰটোৰ সৈতে জড়িত আন ব্যক্তিকো শীঘ্ৰেই আটক কৰা হ’ব বুলিও জনায়।