অৱশেষত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুয়ে

নিউজ ডেস্ক, ২৪ মাৰ্চঃ অৱশেষত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুয়ে।অসমৰ মানুহে কুকুৰ খাই বুলি মন্তব্য কৰিছিল বিধায়কজনে। তাৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বাচ্চু কাডুৰ এই মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী একনাথ সিন্দেই। বাচ্চু কাডুৰ এই মন্তব্যৰ পিছতে অসমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

পত্ৰৰ পিছতেই অপমানজনক মন্তব্য কৰা বিধায়ক বাচ্চু কাডুৱেও বিচাৰিলে ক্ষমা। বিধানসভাত কৰা মন্তব্য প্ৰত্যাহাৰ কৰা বুলি মন্তব্য কৰে বাচ্চু কাডুৱে।

ApologyAssamAssamese NewsBacchu KaduDaily time axomHimanta Biswa SarmaIndiaMaharashtra
Comments (0)
Add Comment