পঞ্জাৱ এৰি হাৰিয়ানাত অমৃতপালৰ আত্মগোপন

স্বঘোষিত গুৰু তথা ‘খালিস্তান’ নেতা অমৃতপাল সিং শনিবাৰে পঞ্জাৱ আৰক্ষীৰ পৰা পলায়ন কৰি দেওবাৰে হাৰিয়ানাত থাকে।

বৃহস্পতিবাৰে আৰক্ষীৰ কেইবাটাও সূত্ৰই এই কথা প্ৰকাশ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে অমৃতপাল এজন সহযোগীৰ ঘৰত আছিল আৰু পিছদিনা পুৱা গুচি গৈছিল। তেওঁৰ সহযোগী বলজিৎ কৌৰক গ্ৰেপ্তাৰ কৰা হৈছে। কৌৰে আৰক্ষীক জনোৱা মতে অমৃতপাল আন এজন সহযোগী পাপলপ্ৰীতৰ লগত আছিল।
ইফালে অমৃতপাল সিংক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ অভিযানৰ বিৰুদ্ধে ব্ৰিটেইনত প্ৰতিবাদ সাব্যস্ত কৰিছে সমৰ্থকসকলে।

বুধবাৰে ভাৰতীয় উচ্চায়ুক্তত প্ৰতিবাদ সাব্যস্ত কৰে। এইবাৰ তেওঁলোকক ৰখাই দিলে উচ্চায়ুক্তৰ বিপৰীত ফালে থকা লণ্ডন মেট্ৰ’পলিটান পুলিচে। ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ ওপৰত পানীৰ বটল আৰু চিয়াঁহী নিক্ষেপ কৰে। ইয়াৰ পূৰ্বে খলিস্তানৰ সমৰ্থকে বুধবাৰে লণ্ডনত ভাৰতীয় উচ্চায়ুক্তৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছিল। প্ৰতিবাদকাৰীক বাধা দিবলৈ লণ্ডন আৰক্ষীও উপস্থিত আছিল। মাউণ্টেড পুলিচৰ লগতে তাত লণ্ডন আৰক্ষীৰ ২৪খন বাছ নিয়োগ কৰা হৈছিল।

AssamAssamese NewsDaily time axomIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment