পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা, আল্ট্ৰা বাছ আৰু টাটা নেকচনৰ মুখামুখি সংঘৰ্ষত দুজনৰ মৃত্যু

নিউজ ডেস্ক, ২৪ মাৰ্চঃ গোগামুখৰ চাউলধোৱাত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন আল্ট্ৰা বাছৰ সৈতে নেক্সন বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হয় দুজন লোকৰ। মৃত্যু হোৱা দুজন লোক নেক্সন বাহন খনৰ যাত্ৰী আছিল।

দুৰ্ঘটনাত মৃত্যু হোৱা লোক দুজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। দুৰ্ঘটনাত পতিত হোৱা টাটা নেক্সন বাহনখনৰ নম্বৰ AS07V6761 আৰু এ এছ টি চি বাছখনৰ নম্বৰ AS12AC3061 ।

বাছখন তেজপুৰৰ পৰা ধেমাজি অভিমুখী আৰু টাটা নেক্সন বাহনখন লখিমপুৰৰ পৰা গোগামুখ অভিমুখী আছিল।

AccidentAssamAssamese NewsDaily time axomDeathGogamukhIndia
Comments (0)
Add Comment