মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত চাঞ্চল্যকৰ ঘটনা! প্ৰেমিকৰ সৈতে খোজ কাঢ়িবলৈ ওলাই অহা যুৱতীক উপৰ্যুপৰি ধৰ্ষণ দুই যুৱকৰ
নিউজ ডেস্ক, ২৫ মাৰ্চঃ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত জঘন্য ঘটনা। প্ৰেমিকৰ সৈতে সন্ধিয়া খোজ কাঢ়িবলৈ যোৱা এগৰাকী যুৱতীক দুজন যুৱকৰ ধৰ্ষণ।
তথ্য অনুসৰি, যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে পাহাৰত খোজ কাঢ়িবলৈ গৈছিল। প্ৰেমিক- প্ৰেমিকাক দুজন যুৱকে দেখিছিল। তাৰ পিছত যুৱক দুজন আৰু প্ৰেমিক জনৰ মাজত কোনো কথাক লৈ তৰ্ক হৈছিল।
তেতিয়াই যুৱককেইজনে এটা খালী বিয়েৰৰ বটলৰে যুৱতী গৰাকীৰ প্ৰেমিকক মুৰত আঘাত কৰিছিল। তাৰপিছতেই যুৱতীগৰাকীৰ কাপোৰ খুলি এজোপা গছত বান্ধি দিছিল। দুয়োজন অভিযুক্তই লগে লগে যুৱতীগৰাকীক এটা নিৰ্জন স্থানলৈ টানি নি ধৰ্ষণ কৰে।
ঘটনাটোৰ তদন্ত কৰি আৰক্ষীয়ে অভিযুক্ত দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।