গোলাঘাটৰ উদয়ন বাগিচাত বাঘৰ আতংক, বাঘৰ আক্ৰমণত আহত এজন লোক

নিউজ ডেস্ক, ২৫ মাৰ্চঃ গোলাঘাটৰ উদয়ন বাগিচাত নাহৰফুটুকীৰ আক্ৰমণ। বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন লোক। আঘাতপ্ৰাপ্ত লোকজন উদয়ন বাগানৰ ৰূপেশ্বৰ তাঁতী৷ পুৱা বাগানত কাম কৰি থাকোতে হঠাৎ বাঘে আক্ৰমণ কৰে লোকজনক৷

আঘাতপ্ৰাপ্ত লোকজনক লগে লগেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ বৰ্তমান বাগিচাখনতেই নাহৰফুটুকীটো অৱস্থান কৰি থকাৰ বাবে স্থানীয় লোকসকল শংকিত হৈ পৰিছে।

AssamAssamese NewsDaily time axomGolaghatIndiaInjuredTiger Attack
Comments (0)
Add Comment