আমেৰিকাত ভাৰতীয় সাংবাদিকক খলিস্তানীৰ আক্ৰমণ

বিশ্বৰ বিভিন্ন প্ৰান্তত চলি আছে খালিস্তানীৰ তাণ্ডৱ। এইবাৰ আমেৰিকাত ভাৰতীয় সাংবাদিকক খালিস্তানী সমৰ্থকৰ আক্ৰমণ। কেৱল মৌখিকভাৱে হাৰাশাস্তি কৰাই নহয়, তেওঁক প্ৰহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে। আনকি অৱশেষত তেওঁ নিজৰ জীৱন বচাবলৈ ৯১১ নম্বৰত ফোন কৰে। আমেৰিকান ছিক্ৰেট চাৰ্ভিচৰ বিষয়াসকলে আহি সাংবাদিকগৰাকীক নিৰাপত্তা প্ৰদান কৰে।

শনিবাৰেও ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসৰ বাহিৰত খালিস্তান সমৰ্থক প্ৰতিবাদ চলে। ভাৰতীয় সাংবাদিক ললিত ঝানে সেই শোভাযাত্ৰাৰ খবৰ দিয়ে। অভিযোগ অনুসৰি, প্ৰতিবাদকাৰীয়ে প্ৰথমে তেওঁক মৌখিকভাৱে হাৰাশাস্তি কৰে। পিছত তেওঁৰ বাওঁ কাণত লাঠিৰে আঘাত কৰে।

ললিতে তেতিয়া ইমানেই ভয় খাই যে সহায় বিচাৰি আমেৰিকাত ৯১১ নম্বৰত ফোন কৰে। পিছলৈ তেওঁক সহায় কৰে আমেৰিকান ছিক্ৰেট চাৰ্ভিচৰ বিষয়াসকলে। দেওবাৰে ছ’চিয়েল মিডিয়াত ছিক্ৰেট চাৰ্ভিচক ধন্যবাদ জনায়। অৱশ্যে আক্ৰমণকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সাংবাদিকগৰাকীয়ে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment