ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যৰ ৰাজ্যপাল উপস্থিত হৈ অক্ষয় বন্তিৰ ল’লে আশীৰ্বাদ


তিনিদিনীয়া ভ্ৰমণ সুচীৰে উজনিলৈ আহিছে অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া।আজি পুৱাই যোৰহাটত উপস্থিত হৈ যোৰহাটৰ কেইবাটাও স্থানত পৰিভ্ৰমণ কৰি কৰি বিয়লিভাগত পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘত উপস্থিত হৈ অক্ষয় বন্তি তেল অৰ্পণ কৰি নেদেখাজনৰ চৰণত সেৱা লয়।পোন প্ৰথমবাৰৰ বাবে ৰাজ্যপালগৰাকী বৰনামঘৰত উপস্থিত হোৱাৰ লগে লগে বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা সমূহ ঢেকীয়াখোৱাবাসীৰ সহযোগত এক আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।ইপিনে গুৰু মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰনামঘৰলৈ আহি ৰাজ্যপালগৰাকী অভিভূত হৈ পৰে আৰু পৰিয়ালৰ সহিতে পুনৰ ঢেকীয়াখোৱালৈ অহাৰ ইচ্ছা প্ৰকাশ কৰে।লগতে ঈশ্বৰৰ আশীৰ্বাদ লৈ ৰাজ্যখনক উন্নয়নৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত পূৰ্ণদমে চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে।উক্ত অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত, জিলা আৰক্ষী অধীক্ষক মোহনলাল মিনাকে প্ৰমুখ্য কৰি জিলাখনৰ কেইবাগৰাকী প্ৰসাশনিক বিষয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

AssamAssamese NewsDaily time axomGuwahatiNew DelhiWorld
Comments (0)
Add Comment