তামুলপুৰত কংগ্ৰেছৰ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ

বাক্সা জিলাৰ তামুলপুত আজি পুৱা ১০-০০ বজাৰ পৰা আবেলি ৫-০০ বজালৈ বাক্সা জিলা কংগ্ৰেছ কমিটিয়ে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বিজেপি চৰকাৰখনে সাংসদ পদ ষড়যন্ত্ৰমূলক ভাৱে খাৰিজ কৰাৰ অভিযোগত আজি তামুলপুৰত এই সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে বাক্সা জিলা কংগ্ৰেছ কমিটিয়ে।

আজিৰ এই কাৰ্যসূচীত কংগ্ৰেছৰ নেতা কৰ্মী সকলে সত্যাগ্ৰহ গণ প্ৰতিবাদ, ৰাহুল গান্ধী জিন্দাবাদ, সংবিধান ৰক্ষা কৰক, বিজেপি চৰকাৰ হায়-হায়, মোদী চৰকাৰ হায়-হায়, ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটি জিন্দাবাদ আদি লিখা বেনাৰ পোষ্টাৰ হাতে হাতে লৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আজিৰ এই সত্যাগ্ৰহ কাৰ্যসূচীত বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী চাজিয়া বেগম, নাগ্ৰীজুলি ব্লক কংগ্ৰেছৰ সভাপতি বীৰেণ চক্ৰবৰ্তী, সম্পাদক চাহানুৰ চৌধুৰী, তামুলপুৰ ব্লক কংগ্ৰেছৰ সভাপতি বাবুল বড়ো, সম্পাদক কৰুণা চৌধুৰী আৰু জাকিৰ হুছেইন সহ কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment