নলবাৰী কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ দ্বিচত্বাৰিংশ ত্ৰৈবাৰ্ষিক অধিবেশন

তিনিগৰাকী সংস্কৃত পণ্ডিতক উপাধী প্ৰদান।

নলবাৰী চহৰৰ সমীপত থকা কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ দ্বিচত্বাৰিংশ ত্ৰৈবাৰ্ষিক অধিবেশনখন অনুষ্ঠিত কৰা হয়।।দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সভাৰ দ্বিতীয় তথা অন্তিম দিনা মুকলি অধিৱেশনখন অনুষ্ঠিত কৰা হয়।।সভাত তিনিগৰাকী সংস্কৃত পণ্ডিতক উপাধী প্ৰদান কৰা হয়।।সেই তিনিগৰাকী বিদগ্ধ ব্যক্তি হ’ল কামৰূপ মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক অচ্যুৎ চন্দ্ৰ মিশ্ৰ,প্ৰসাশনিক বিষয়া কণক চন্দ্ৰ শৰ্মা আৰু দৰং মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মূৰব্বী অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মা।

১৯১৩ চনতে কেইগৰাকীমান বিদগ্ধ সংস্কৃত পণ্ডিতৰ পৃষ্ঠপোষকতাত গঢ়ি উঠিছিল কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ।। ১১০ বছৰ গৰকি যোৱা অনুষ্ঠানটোত প্ৰতি বছৰৰ লেখিয়াকৈ এইবেলি দ্বিচত্বাৰিংশ ত্ৰৈবাৰ্ষিক অধিৱেশন খন উদযাপন কৰা হয়।। সভাত ভাষণ প্ৰসংগত প্ৰত্যেকগৰাকী বিশিষ্ট লোকে ভাৰতৰ প্ৰাচীনতম ভাষা সংস্কৃত ভাষাৰ গুৰুত্ব সম্বন্ধে উল্লেখ কৰাৰ লগতে নিজ সভ্যতা-সংস্কৃতিক বুজিবলৈ সংস্কৃত ভাষাৰ প্ৰয়োজনীয়তা ৰ বিষয়েও অবগত কৰাই।

AssamAssamese NewsDaily time axomGuwahatiInternational
Comments (0)
Add Comment