মুকালমুৱা দমদমা পথাৰত দুজন ছাত্ৰক ঘৰলৈ মাতি নি প্ৰহাৰ হাইদৰ আলীৰ পৰিয়ালৰ


আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ।

মুকালমুৱা দমদমা পথাৰতৰ দুই ছাত্ৰক নিশা ঘৰলৈ মাতি নি প্ৰহাৰ এটা পৰিয়ালৰ।
নিশা ন বজাত দোকান এখনত কথা পাতি থাকোতেই হাইদৰ আলীৰ পৰিয়ালৰ লোকে ঘৰলৈ মাটি নি প্ৰহাৰৰ অভিযোগ।
মুকালমুৱা দমদমা পথাৰৰ আছিক ইকবাল আৰু চানিদুল হকক হাইদৰ আলীৰ ঘৰলৈ মাতি নি হাইদৰ আৰু তেওঁৰ পত্নী সহ ৯ জন লোকে প্ৰহাৰ কৰে।
প্ৰহাৰত চানিদুল হকৰ বাঁওহাত খন ভাঙি যায়।
দুয়োজনকে হাইদৰ আলীৰ ঘৰত প্ৰহাৰ কৰি থকাত দুয়ো চিঞৰ বাখৰ কৰাত স্থানীয় লোকে দুয়োকে উদ্ধাৰ কৰে।
দুয়োকে উদ্ধাৰ কৰি স্থানীয় লোকে মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰায়।
হাইদৰ আলী , আমেনা মল্লিকা , হালিদা খাতুন , লাকী চৰকাৰ , ৰাহুল আমিন চৰকাৰ ,জাবিদূৰ ৰহমান আৰু আন তিনিজন লোকে প্ৰহাৰ কৰাৰ অভিযোগ।
ভুক্তভোগীৰ অভিভাৱকে ইতিমধ্যে দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
হাইদৰ আলী ড্ৰাগছ ৰ ব্যৱসায় আৰু ভু মাফিয়া বুলিও অভিযোগ ভুক্তভোগী পৰিয়ালৰ।
হাইদৰ আলীৰ পৰিয়ালক উচিত শাস্তিৰ আহ্বান জনাইছে পৰিয়ালে।
বিগত সময়তো হাইদৰ আলীয়ে বিভিন্ন অপৰাধমূলক কাম সংঘটিত কৰিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ ভুক্তভোগী অভিভাৱকৰ।

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment