Daily Time Axom

উত্তৰ গুৱাহাটীত পৌৰ কৰ বৃদ্ধিক লৈ ক্ষোভিত ৰাইজ

0 34

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীতো পৌৰ কৰ বৃদ্ধিকলৈ হৈছে ব্যাপক প্ৰতিক্ৰিয়া । সৰ্ব দিশতে কৰৰ বোজাই জুৰুলা কৰা নগৰ বাসীৰ ওপৰত মাধমাৰ শোধাই কল বৃদ্ধিৰ দিশে আগবঢ়া কায্যত ক্ষোভিত হৈছে ৰাইজ । উত্তৰ গুৱাহাটী নগৰ অঞ্চলত এশ এবুৰি সমস্যাক আওকান কৰি অহা পৌৰ সভাৰ কৰ বৃদ্ধিৰ প্ৰস্তাব মানি নলয় নগৰবাসীয়ে । কৃত্ৰিম বান , শোচনীয় বাট পথ , নলা নৰ্দমাৰ অভাব , খোৱাপানীকে ধৰি বিভিন্ন সা সুবিধা উপলব্ধ কৰিব নোৱাৰা পৌৰ সভাক বৰ্ধিত কৰ দিবলৈ প্ৰকাশ কৰিছে অপাৰগতা । উত্তৰ গুৱাহাটী সচেতন নাগৰিকৰ অভিযোগ , চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় অনুদানৰ ধনৰ শৰাধ পাতি উন্নয়ন শূন্য কৰা নগৰ সমিতিক নিদিয়ে আদায় নতুন কৰ । চৰকাৰৰ পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্তই ৰাজ হাড় ভাঙিব সৰ্বসাধাৰণৰ । উত্তৰ গুৱাহাটী পৌৰ সভাত নকৈ চামিল কৰা অঞ্চলৰ সা সুবিধা বঞ্চিত বাসিন্দাই পৌৰ কৰ দিয়াৰ বাবে কোনো প্ৰকাৰে নহয় আগ্ৰহী ।

Leave A Reply

Your email address will not be published.